27/05/2018
পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি লৈ এইকেইদিন বেচ চিন্তা চর্চা দেখিছো ।
খাৰুৱা তেলৰ মূল্য নিৰ্ধাৰিত হয় আন্তৰাষ্ট্ৰীয় বজাৰ মূল্যৰ ভিত্তিত। এই মূল্য ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিব নোৱাৰে । ইয়াৰ উপৰি আমাৰ দেশৰ খাৰুৱা তেলৰ চাহিদাৰ প্ৰায় 75- 80 শতাংশ তেল বিদেশৰ পৰা আমদানি কৰিব লাগে। অৰ্থনৈতিক উন্নতিৰ লগে লগে যিদৰে তেলৰ চাহিদা বাঢ়িছে, সেইদৰে দেশত তেলৰ উৎপাদন বৃদ্ধি হোৱা নাই। এই ধৰণে চলি থাকিলে অহা 10 বছৰৰ পিছত আমদানিকৃত খাৰুৱা তেলৰ পৰিমাণ 90 শতাংশতকৈও বেছি হোৱা খাটাং।
এতিয়া কথা হল আগৰ UPA চৰকাৰে কেনেকৈ পেট্ৰল ডিজেলৰ দামৰ নিয়ন্ত্ৰণ কৰিছিল বিশেষকৈ যেতিয়া খাৰুৱা তেলৰ আন্তৰাষ্ট্ৰীয় মূল্য অভাৱনীয় ভাবে বৃদ্ধি পাইছিল যিটো নৰেন্দ্ৰ মোদীৰ চৰকাৰে কৰিব পৰা নাই।
সেই সময়ত UPA চৰকাৰে দুই ধৰণৰ নীতি লৈছিল। চৰকাৰে তেল বিপননকাৰী কোম্পানী বোৰক বজাৰৰ ভিত্তিত মূল্যবৃদ্ধি কৰিবলৈ দিয়া নাছিল। ফলত ৰাজহুৱা খণ্ডৰ তেল কোম্পানীবোৰে যি বিপুল লোকচানৰ সন্মুখীন হৈছিল, তাৰে আংশিক ঘাটি পুৰাবলৈ কোম্পানীবোৰক চৰকাৰে তেল বণ্ড দিছিল। ইয়াৰ উপৰি তেল কোম্পানীবোৰক লোকচানৰ এক বৃহৎ অংশ বহন কৰিবলৈ বাধ্য কৰিছিল। কিন্তু খাৰুৱা তেল কিনিবলৈ প্ৰয়োজন হয় নগদ ডলাৰৰ। বণ্ডৰ কাগজখিলাৰে সেই কাম কৰিব নোৱাৰি। তেল কোম্পানী বোৰৰ আৰ্থিক অৱস্থাই এনে এক অৱস্থা পাইছিল যে খাৰুৱা তেল কিনিবলৈ কোম্পানীৰ হাতত নগদ ধন নাছিল আৰু এনে পৰিস্থিতিত বেংকৰ পৰা ধাৰ লোৱাৰ বাহিৰে উপাই নাছিল। এটা কোম্পানীৰ ধাৰৰ পৰিমাণ বেছি হলে debt to equity অনুপাতটো বাঢ়ি যায়। যি প্ৰতিষ্ঠানৰ debt equity অনুপাত বেছি হয়, ধাৰ দিয়া প্ৰতিষ্ঠানবোৰে জানিব পাৰে যে কোম্পানীৰ ব্যৱসায় মন্দা আৰু ফলস্বৰূপে ঋণৰ সূতৰ হাৰ উৰ্ধমুখী হয়। ধাৰৰ পৰিমাণ শেষত এনে হৈছিলগৈ যে এক বিকল্প অবিহনে এই তৈল কোম্পানীবোৰ তিষ্ঠি থকা অসম্ভৱ হৈ পৰিছিল । এতিয়া আপুনি ভাবিব পাৰে তেল কোম্পানী মৰিলে ৰাইজৰ কি ক্ষতি ! মনত ৰখা দৰকাৰ যে দেশৰ এনে সময়ত ব্যক্তিগত খণ্ডৰ ৰিলায়েন্স বা এছাৰ অইল আদিয়ে ভাৰতত পেট্ৰল ডিজেল বিক্ৰী বন্ধ কৰি সম্পূৰ্ণ ভাবে ৰপ্তানি কৰা আৰম্ভ কৰি দিছিল। তৈল খণ্ডৰ লগত দেশৰ অৰ্থনীতি, প্ৰতিৰক্ষা আদি বিভিন্ন বিষয়বোৰ জড়িত হৈ আছে। ইয়াৰ উপৰি উৎপাদিত সামগ্ৰীৰ গুণাগুণৰ উন্নতিকৰণৰ বাবে বৃহৎ পুঁজিৰ দৰকাৰ হয়। পেট্ৰল,ডিজেল বা ৰন্ধন গেছ নোহোৱাকৈ আপুনি আপোনাৰ জীৱনটোৰ কথা কল্পনা কৰকচোন।
পেট্ৰল ডিজেলৰ দাম নিয়ন্ত্ৰণ কৰি UPA চৰকাৰৰ দিনত যি বিত্তীয় ঘাটি হৈছিল তাৰ কুফল এয়াই যে ভাৰতে ইৰাণক দিব লগীয়া বিপুল ধনৰাখি উভতাব লগা হৈছিল পিছত মোদী চাৰকাৰে। ব্যয় সংকোচনৰ নামত দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা হৈ পৰিছিল ফোঁপোলা। আনকি দহ দিন যুঁজৰ বাবেও পৰ্যাপ্ত অস্ত্ৰ সৈন্য বাহিনীৰ মজুত নাছিল।
দেশৰ মন্দা অৰ্থনীতিক পুনৰ গতিশীল কৰিবলৈ UPA চৰকাৰে ঋণৰ বাবে বেংকৰ যি দুৱাৰ খুলি দিছিল, সেয়া বৰ্তমানৰ বেংক সমুহৰ দুৰৱস্থাৰ অন্য এক কাৰণ। দেশৰ বিত্তীয় ব্যৱস্থা একপ্ৰকাৰ ভাঙি পৰাৰ উপক্ৰম হৈছিল।
এতিয়া কথা হল বৰ্তমানৰ চৰকাৰৰ কৰণীয় কি ! বৰ্তমান পেট্ৰলৰ মূল্যৰ প্ৰায় 50 শতাংশতকৈও বেছি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰক কৰ হিচাবে উপভোক্তাই ভৰিব লাগে। ইয়াৰে 20-25 শতাংশ ৰাজ্য চৰকাৰৰ কৰ । যি কেইখন ৰাজ্যত BJP দলৰ শাসন নাই, অন্ততঃ সেইকেইখন ৰাজ্য চৰকাৰে কৰ কমাই উপভোক্তাক সকাহ দিব লাগিছিল। কিন্তু বাস্তৱত সেইবোৰ ৰাজ্যই তেনে কৰা দেখা নাই। ইয়াৰ কাৰণ ৰাজ্যবোৰে এনে বিত্তীয় ঘাটিৰ বাবে সাজু নহয়।
খাৰুৱা তেলৰ মূল্য বৃদ্ধি হলে উপভোক্তাই সেই তেলৰ পৰা উৎপাদিত পেট্ৰল ডিজেলৰ ওপৰত অধিক দাম দিব লাগিব । দেশৰ স্বার্থত ইয়াৰ বিকল্প নাই। কিন্তু যিহেতু বিভিন্ন কৰ বোৰ Base Price ৰ ওপৰত নিৰ্ধাৰিত হয়, সেয়েহে Base Price বঢ়াৰ লগে লগে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰো মুনাফা বাঢ়ে। অৰ্থাৎ পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত যদি 50 টকা হয়, 20 শতাংশ ভেট হয়গৈ 10 টকা। কিন্তু Base Price বাঢ়ি যেতিয়া 60 টকা হয় , এই কৰৰ পৰিমাণ বাঢ়ি হবগৈ প্ৰায় 12 টকা। উপভোক্তাক সকাহ দিয়াৰ বাবে ৰাজ্য আৰু কেন্দ্ৰ উভয় চৰকাৰে পেট্ৰল ডিজেলৰ কৰবোৰ Base Price নিৰ্ভৰশীল ব্যৱস্থা টোৰ সলনি এটা নিৰ্দিষ্ট (lumpsum) স্থিৰ পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰে অন্ততঃ খাৰুৱা তেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ সময়ত।
2014 ৰ পৰা আজিলৈ কেন্দ্ৰ চৰকাৰে নবাৰ excise
rate ৰ বৃদ্ধি কৰিছে। সেইসময়ত বজাৰত খাৰুৱা তেলৰ দাম কমি কমি প্ৰায় 30 ডলাৰ হৈছিলগৈ। তেতিয়া ভবা হৈছিল যে যেতিয়াই খাৰুৱা তেলৰ মূল্য বৃদ্ধি হব , চৰকাৰে excise duty কম কৰি উপভোক্তাক সকাহ দিব। কিন্তু বাস্তৱত সেয়া হোৱা দেখা নাই। ইয়াৰ ফলত চৰকাৰৰ excise duty ৰ নামত আমদানি দুগুণতকৈও বৃদ্ধি হৈছে।
পেট্ৰল আৰু ডিজেলক জিএছটি (GST) ৰ আওতালৈ অনাৰ বাবে বহুতেই কৈ আহিছে আৰু সোনকালেই সেয়া হয়তো হৈও উঠিব। এইখিনিতে অসমৰ মানুহে জনা প্ৰয়োজন যে অসমৰ খাৰুৱা তেলৰ উৎপাদন দিনক দিনে কমি আহিছে আৰু অসমৰ তেল অসমৰ চাৰিওটা শোধনাগাৰৰ বাবেই বৰ্তমান পৰ্যাপ্ত নহয়। যিডাল পাইপ লাইনেৰে এসময়ত অসমৰ তেল বিহাৰৰ বাৰাউনীলৈ গৈছিল, সেই একেই লাইনেৰে আজিকালি বিদেশৰ তেল অসমলৈ আহে। ভাগ্য ভাল বিহাৰৰ মানুহবোৰে অসমৰ শোধনাগাৰলৈ তেল পঠিওৱাত এতিয়ালৈ আন্দোলন কৰা নাই। আকৌ শোধনাগাৰ সমূহত উৎপাদিত সামগ্ৰীৰ বজাৰ পৰ্যাপ্ত নহয় বাবে পুনৰ উত্তৰ পূৱৰ বাহিৰলৈ পঠিয়াব লগা হয়। ইয়াৰ ফলত উৎপাদিত সামগ্ৰীৰ মূল্যই বজাৰৰ মূল্যৰ লগত ফেৰ মাৰিব নোৱাৰা হয়।
লাভজনক প্ৰতিষ্ঠান হিচাপে নিজৰ ভৰিত থিয় দিবলৈ যি নূন্যতম শোধন ক্ষমতা লাগে তাতকৈ অসমৰ শোধনাগাৰ বোৰৰ শোধন ক্ষমতা কম বাবে লাভজনক নহয় । এই শোধনাগাৰ বোৰ জীয়াই আছে ভাৰত চৰকাৰে 50 শতাংশ Excise ৰেহাই দিয়া বদান্যতাত। তাহানি অটল বিহাৰী বাজপেয়ীৰ লগত থকা ভূপেন হাজৰিকাৰ মধুৰ সম্পৰ্ক ও অসমে পোৱা এই সুবিধাৰ অন্যতম কাৰণ। GST অহাৰ লগে লগে, 50 শতাংশ Excise ৰেহাইৰ মুদা মৰিব যে ধুৰূপ।
সততে ভাৰত চৰকাৰক গালি গালাজ পাৰি থকা বিশেষজ্ঞ সকলে জানি থোৱা ভাল যে অসমৰ তেল আৰু শোধনাগাৰ কেইটা গোটেই দেশৰ শোধন ক্ষমতাৰ তুলনাত অতি নগণ্য। আজি যদি সেই কেইটা শোধনাগাৰ বন্ধও হৈ যায়, ভাৰত চৰকাৰ বা ভাৰতীয় তেল নিগমৰ বিশেষ একো ক্ষতি নহয়। সেই কেইটা শোধনাগাৰত কাম কৰা বিষয়া আৰু কর্মচাৰীৰো একো ব্যক্তিগত ক্ষতি নহব। বিপুল ক্ষতি হব এই অনুষ্ঠান কেইটাক ভিত্তি কৰি জীৱন নিৰ্বাহ কৰা হাজাৰ হাজাৰ ঠিকা শ্ৰমিক, সৰু সৰু ব্যৱসায়ী তথা ঠিকাদাৰ, আমাৰ অসমীয়া সমাজ আৰু অসমৰ।
ইন্ধনৰ মূল্য এটা অতি সংবেদনশীল বিষয়। মোদী চৰকাৰে অনতিপলমে দৃঢ় এক স্থিতি লোৱা অতিশয় জৰুৰী। অহা দিনবোৰত খাৰুৱা তেলৰ মূল্য বাঢ়ি 150 ডলাৰো হব পাৰে। তেনে পৰিস্থিতিৰ মোকামিলা কৰিবলৈ এখন ৰোডমেপ থাকিব লাগিব। প্ৰধানমন্ত্ৰীৰ প্ৰতি থকা ৰাইজৰ ভৰষাকেই মূলধন কৰি সদায় নিৰ্বাচনী নৈ পাৰ হোৱা অসম্ভৱ। যোৱা চাৰিবছৰত মধ্যবিত্ত শ্ৰেণীটোৰ একাংশ লাহে লাহে চৰকাৰ বিদ্বেষী হোৱা আচৰিত নহয়।
( কপি কৰা পোষ্ট, জানিবলগীয়া বুলি ভাবি এই পোষ্ট টো দিলো)